পুনৰ পিছুৱাই দিয়া হল ৰায়দানৰ তাৰিখ

Share

বহু জল্পনা কল্পনাৰ অন্তত সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪।অলিম্পিকৰ সামৰণি হোৱাৰ পিছতো এটা ৰূপৰ পদকৰ বাবে বৰ্তমানেও আশাবাদী দেশবাসী।পেৰিছ অলিম্পিকৰ পৰা এইবাৰো খালী হাতেৰে উভতিব লগা হৈছে ভিনেশ ফোগাট।ক’ৰ্ট অৱ আৰ্বিটেশ্বনৰ এড-হক ডিভিজন নেভিগেছন বিভাগে বৰ্তমানেও ভিনেশৰ ৰায়দান স্হগিত ৰাখিছে।পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি শাখাৰ মল্লযুঁজ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভিনেশ ফোগাট।কিন্তু চু়ড়ান্ত প্ৰতিযোগিতাৰ  পূৰ্বে ১০০ গ্ৰাম ওজন বেছি হোৱা বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল খেলুৱৈ গৰাকীক।ইয়াৰ পিছতেই ভিনেশ ফোগাটে ক’ৰ্ট অৱ আৰ্বিটেশ্বনত(CAS) ৰূপৰ পদকৰ বাবে আবেদন কৰিছিল।১৩ আগষ্টত ৰায়দান দিয়াৰ কথা আছিল যদিও পুনৰ পিছুৱাই দিয়া হৈছে ৰায়দানৰ তাৰিখ।১৬ আগষ্টলৈ স্হগিত ৰখা হৈছে এই সিদ্ধান্ত।অলিম্পিক গেমছৰ নিয়মৰ ১৮ নম্বৰ অনুচ্ছেদৰ অধীনত ক’ৰ্ট অৱ আৰ্বিটেশ্বন ডিভিজনে ১৬ আগষ্টৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ভিনেশ ফোগাটৰ ৰায়দানৰ।

উল্লেখযোগ্য যে ভিনেশ ফোগাটে ইয়াৰ পূৰ্বেও বহুবাৰ নিৰাশ হ’বলগীয়া হৈছে।কেৱল মাত্ৰ পেৰিছ অলিম্পিকতেই নহয় ৰিঅ’ অলিম্পিক ২০১৬ত কোৱাৰ্টাৰ ফাইনেলত আঠুত আঘাত পোৱা বাবে পদক জয় কৰাৰ সপোন আধৰুৱা হৈছিল মল্লযোদ্ধাগৰাকীৰ।২০২০ চনৰ টকিঅ’ অলিম্পিকতো ৫৩ কেজি শাখাত পৰাস্ত হৈ পদক লাভৰ পৰা বঞ্চিত হৈছিল ভিনেশ ফোগাট।

Leave a Reply

Your email address will not be published. Required fields are marked *