মায়া স্বৰ্গীয়াৰীৰ শিৰত জিলিকিল বিজয়ী মুকুট

Share

অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বৰপেটাৰোডৰ মায়া স্বৰ্গীয়াৰীয়ে। মায়া স্বৰ্গীয়াৰীৰ শিৰত জিলিকিল ‘Mrs India’ বিজয়ী মুকুট। চলিত বছৰৰ ১৫ মাৰ্চত মুম্বাইত KCF বা ‘KRISHNA CHOUHAN FOUNDATION’ এ অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত ৰূপালী মুকুট খিতাপ দখল কৰিবলৈ সক্ষম হৈছে মায়া স্বৰ্গীয়াৰীয়ে, লগতে নাৰী শক্তি সন্মান বঁটা ২০২৩ সন্মানেৰেও সন্মানিত হল অসমৰ মায়া।

উল্লেখযোগ্য যে, মায়াই নিজৰ শ্ৰেষ্ঠ কলা প্ৰদৰ্শন কৰি সমাজখনক এক নতুন দিশ আনিবলৈ সক্ষম হৈছে। এই সৌন্দৰ্য প্ৰতিযোগিতাত বৰপেটাৰোডৰ চন্দনপুৰৰ মায়া স্বৰ্গীয়াৰীয়ে একমাত্ৰ অসমৰ হৈ অংশগ্ৰহণ কৰি ‘Mrs India’ খিতাপ দখল কৰিবলৈ সক্ষম হয়।   

এই বঁটা প্ৰদান অনুষ্ঠানত বলিউডৰ শিল্পী সুনীল পীল, বি এন তিৱাৰী, দিলীপ সেন, ছিমৰন আহুজা, অভিনেত্ৰী সুজাতা মেহতাৰ লগতে বলিউড জগতৰ বহু গণ্য মান্য কলা কুশলী উপস্থিত থাকে বুলি  মায়া স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *