আজি কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে ঘোষণা কৰিলে আগন্তুক ২০৩০ চনত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ কথা।এই গেমছৰ শতবাৰ্ষিকী অনুষ্ঠিত হ’ব গুজৰাটৰ অৰ্থনৈতিক ৰাজধানী আহমেদাবাদত। চলিত বৰ্ষৰ ২৬ নৱেম্বৰত স্কটলেণ্ডত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ সাধাৰণ পৰিষদত সদস্যপদৰ বাবে প্ৰস্তাৱ লওতেই তাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।১৬ অক্টোবৰত এই কথা কমনৱেলথ গেমছৰ এক বিবৃতিত ঘোষণা কৰে।
বিবৃতিটো অনুসৰি “কমনৱেলথ গেমছ মূল্য়ায়ন সমিতিৰ তত্বাবধানত বিশদ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কাৰিকৰী প্ৰদান, খেলুৱৈৰ অভিজ্ঞতা ,আন্তঃগাথনি , শাসন আৰু কমনৱেলথ গেমছৰ মূল্যবোধৰ সৈতে সংহতিকে ধৰি কেইবাটাও মাপকাঠিৰ ভিত্তিত সাম্ভাব্য আয়োজক চহৰসমূহৰ মূল্যায়ন কৰা হৈছে।”
২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ ভাৰত আৰু গুজৰাট চৰকাৰৰ সহযোগত অনুষ্ঠিত হ’ব।ভাৰতীয় কমনৱেলথ গেমছ এছ’চিয়েশ্যন অৰ্থাৎ ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে কয় যে- “এই কমনৱেলথ গেমছ অধিক ক্ষমতাসম্পন্ন হ’ব।এই প্ৰশংসনীয় পদক্ষেপক বহু মন্ত্ৰীয়ে প্ৰশংসা কৰে।কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সামাজিক মাধ্যম এক্সৰ জৰিয়তে কয় যে- ‘‘ভাৰতীয় ক্ৰীড়াৰ বাবে এক বিশাল মুহূৰ্ত ! ২০৩০ চনত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তাৱিত আয়োজক চহৰ হিচাপে আহমেদাবাদৰ পৰামৰ্শ দিয়াৰ বাবে কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডক ধন্যবাদ, যিটো আমাৰ জাতিৰ বাবে এক গৌৰৱময় কৃতিত্ব । এই সিদ্ধান্তই বিশ্ব ক্ৰীড়াত ভাৰতৰ ক্ৰমবৰ্ধমান আধিপত্যক প্ৰতিফলিত কৰে, যিটো সম্ভৱপৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে যাৰ এনেধৰণৰ প্ৰতিশ্ৰুতিয়ে ভাৰতক বিশ্বৰ ক্ৰীড়া মানচিত্ৰত সঠিক স্থান দিছে ।’’