প্ৰায় সামৰণিৰ দিশলৈ আগবাঢ়িছে আই পি এল ২০২৫।মঙলবাৰে অনুষ্ঠিত হৈছে প্ৰতিযোগিতাৰ ৬২ সংখ্যক মেচ।অৰ্থাৎ প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ৰ আৰু মাত্ৰ ৮ খন মেচ বাকী আছে।লীগ পৰ্যায় সমাপ্ত হোৱাৰ পিছতে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ প্লে অফৰ মেচ।ইতিমধ্যে গুজৰাট টাইটানছ,ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে।লগতে বাকী থকা এটা স্থানৰ বাবে প্ৰতিদ্বন্দিতা হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলৰ মাজত।প্লে অফ কেন্দ্ৰ কৰি ইতিমধ্যেই অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উৎকন্ঠা।ইয়াৰে মাজতে বিচিচি আইয়ে ঘোষণা কৰিছে আই পি এল ২০২৫ৰ প্লে অফ পৰ্যায় আৰু ফাইনেল অনুষ্ঠিত হ’বলগীয়া স্থান।আই পি এলৰ অফিচিয়েল এক্স হেণ্ডেলত এই সন্দৰ্ভত এক বিবৃতি অনুসৰি,প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ মেচ আৰু এলিমিনিটৰ মেচখন পঞ্জাৱৰ মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।লগতে প্ৰতিযোগিতাখনৰ ফাইনেল মেচ আয়োজনৰ স্বত্ব লাভ কৰিছে আহমেদাবাদে।চহৰখনৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অহা ৩ জুন ত ফাইনেল মেচ অনুষ্ঠিত হ’ব।এই ষ্টেডিয়ামখনতে দ্বিতীয়খন কোৱালিফায়াৰ মেচ আয়োজন কৰা হ’ব।আনহাতে প্ৰতিযোগিতাৰ মেচসমূহত যাতে বৰষুণে কোনো বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বি চি চি আইয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
বিচিচি আইয়ে এতিয়া বাকী থকা মেচকেইখনৰ বাবে নিৰ্ধাৰিত অতিৰিক্ত সময় এক ঘন্টা বৃদ্ধি কৰিছে।অৰ্থাত এতিয়াৰে পৰা আই পি এলৰ সকলো মেচতে ১২০ মিনিটৰ অতিৰিক্ত অপেক্ষাৰ সময় থাকিব।ইয়াৰ পূৰ্বে লীগ মেচৰ বাবে পলম হ’লে মেচ আৰম্ভ কৰিবলৈ ৬০ মিনিটৰ অতিৰিক্ত সময়ৰ ব্যৱস্থা কৰা হৈছিল। প্লে অফৰ মেচত এই সময় ১২০ মিনিটলৈ বৃদ্ধি পাইছিল।