অসম চৰকাৰৰ বিভিন্ন চাকৰিত নতুনকৈ নিযুক্তি লাভ কৰা সকলে শেহতীয়া কিছুদিন ধৰি নিযুক্তি পত্ৰৰ বাবে অপেক্ষা কৰি অছিল। এতিয়া এই অপেক্ষা অন্ত পৰাৰ দিশে। সামাজিক মাধ্যমত ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা পদক্ষেপৰ কথা অৱগত কৰে ৰাজ্যবাসীক। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি নবেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত বিভিন্ন বিভাগৰ নিয়োগ পত্ৰ প্ৰদান কৰিব। ৬ নবেম্বৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ চুড়ান্ত ফলাফল ঘোষণাৰ কাম সম্পূৰ্ণ হ’ল। ৯ তাৰিখে ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী পদৰ যোগ্যতা লাভ কৰা সকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ পাছতেই নবেম্বৰ মাহৰ ভিতৰতে আৰক্ষী কনিষ্টবল সকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
এই আৰক্ষী কনিষ্টবল নিযুক্তি দিয়াৰ পিছদিনাই আৰু ৪ হাজাৰ আৰক্ষী পদ মুকলি কৰাৰ কথা ক’লে ড০ শৰ্মাই। ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ৩০ দিন সময়ৰ প্ৰয়োজন হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত যোৱা এমাহ ভালদৰে একো কাম-কাজ কৰিব নোৱাৰাৰ দোহাই দি নবেম্বৰ মাহৰ শেষৰ ফালে নাইবা ডিচেম্বৰ মাহৰ প্ৰথমতেই ADRE নিযুক্তিৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে। আতি সোনকালেই স্নাতক আৰু স্নতকোত্তৰ শিক্ষকৰ নিযুক্তিৰ কাম হাতত ল’ব। ইতিমধ্যে শিক্ষা বিভাগে এই দিশৰ কাম আগবঢ়াইছে, অতি শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদানৰ তাৰিখ ঘোষণা কৰা হ’ব বুলি তেওঁ লাইভত উল্লেখ কৰে।
ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগৰ নিযুক্তিও নবেম্বৰ মাহতে প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে এইবাৰ চাহ-বাগিচাৰ যুৱক-যুৱতী সকলৰ বাবে ৩ শতাংশ সংৰক্ষন কৰাৰ কথা উল্লেখ কৰে। সকলো নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত চাহ-বাগিচাৰ যুৱক-যুৱতীসকলক পৃথকে নিযুক্তি পত্ৰ দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰোপৰি ২০২৫ চনত স্নাতক উত্তীৰ্ণসকলক চৰকাৰে প্ৰতিযোগিতা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মাহিলী আৰ্থিক সাহাহ্য প্ৰদান কৰিব। ৰাজ্যৰ যুৱক-যুৱতীসকলক কেতিয়াও আশাহত হ’বলৈ নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।