দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।এই বৈঠকত অংশগ্ৰহণ কৰি ৰাইজৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।তাৰ পাছতে শৰ্মাই সামাজিক মাধ্যমত ইয়াৰ বিষয়ে অৱগত কৰে।তেওঁ কয় যে-অসম আৰক্ষীৰ বেছিভাগ কৰ্মচাৰীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উপযুক্ত স্বীকৃতি প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ আমি নিশ্চিত কেৰিয়াৰ প্ৰগতি আঁচনিৰ জৰিয়তে কনিষ্টবলৰ পৰা হাবিলদাৰলৈ তেওঁলোকৰ সময় নিৰ্ধাৰিত পদোন্নতি নিশ্চিতকৰ বাবে এক আৰ্হি সন্দৰ্ভত কাম কৰি আছোঁ।লগতে তেওঁ কয় যে-অৰুণোদয় ৩.০ ৰূপায়ণৰ ক্ষেত্ৰত জিলা আৰু বিধানসভা সমষ্টি অনুসৰি অগ্ৰগতিৰ পৰ্যালোচনা আৰু সকলো যোগ্য হিতাধীকাৰী বাদ নপৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰোঁ।তেওঁ কয় মূলধন বিনিয়োগৰ বাবে ৰাজ্যৰ বিশেষ সাহায্যৰ অধীনত চলিত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ সন্দৰ্ভত গভীৰ পৰ্যালোচনা কৰোঁ।ইয়াৰ লগতে তেওঁ কয় যে-এপাৰ্টে অসমৰ কৃষিজাত সামগ্ৰী বিশ্ব বজাৰলৈ আগুৱাই নিয়াত সফল হৈছে।আমি ইয়াক এপাৰ্ট ২ৰ জৰিয়তে অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছোঁ।যিয়ে সংহত ফলাফলৰ বাবে অডিঅপিৰ সৈতে সংযোগ স্থাপন কৰিব আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব।