হেকাৰৰ পৰা সাৰি নগল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্ট। মঙ্গলবাৰে সন্ধিয়া কোনো দুষ্টচক্ৰই ফেচবুক একাউণ্ট হেক কৰিবলৈ চেষ্টা চলাই মুখ্যমন্ত্ৰীগৰাকীৰ। এই কথা টুইটযোগে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে কোনো অজ্ঞাত হেকাৰে মঙ্গলবাৰে সন্ধিয়া তেওঁৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা চলায় লগতে প্ৰাথমিক খবৰ অনুসৰি হেকিং চক্ৰটোৱে পাকিস্তানৰ পৰা এই চেষ্টা চলাই থকা বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিৰ প্ৰভাৱশালী নেতাগৰাকীৰ ফেচবুক একাউণ্ট হেক কৰি জনসাধাৰণৰ সন্মুখত ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে দুষ্টচক্ৰই চেষ্টা চলোৱা বুলি বিশেষ আলোচনা কৰা হৈছে।