আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Share

বহু প্ৰতীক্ষাৰ অন্তত  মংগলবাৰে পোণ প্ৰথম বাৰৰ বাবে কাছাৰ জিলাত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । কাছাৰ জিলাৰ শিলচৰ চহৰত অনুষ্ঠিত হয় এই বৈঠক । যিহেতু ৪ বাৰকৈ শিলচৰত  বৈঠক হব বুলি দিন বাৰ ধাৰ্য কৰা হৈছিল যদিও বহু কাৰণত অনুষ্ঠিত হোৱা নাছিল , কিন্তু আজি অনুষ্ঠিত হয় এই বৈঠক । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক বিশেষ বিমান যোগে সোমবাৰে সন্ধিয়া উপস্থিত হয় শিলচৰত । বৈঠকৰ বাবে আন আন মন্ত্ৰী বিধায়ক সকলো ইতিমধ্য  শিলচৰত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

মংগলবাৰে পুৱা ৰংগিৰখালৰ দেৱাল স্থাপন কাৰ্য সূচীত অংশগ্ৰহণ কৰিছে মন্ত্ৰী গৰাকীয়ে । এই কাৰ্যসূচীৰ পাছত কাছাৰ জিলাৰ উপাযুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হব কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ বাবে বিভিন্ন ধৰণৰ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে  কাৰ্যালয়ৰ সন্মুখভাগ । কেবিনেট বৈঠকৰ পাছত দুলু চাহ বাগিছাত চাহ জনগোষ্ঠীয় লোক সকলক সাহায্য প্ৰদান অনুষ্ঠানটো  উপস্থিত থাকিব মুখ্যমন্ত্ৰী গৰাকী ।

আনহাতে , বৈঠকৰ উপলক্ষে জিলাখনত অসম আৰক্ষীৰ ট্ৰেফিক বিভাগে জাৰী কৰিছে নতুন নিয়মাৱলী ।

Leave a Reply

Your email address will not be published. Required fields are marked *