৫৮ বছৰ বয়সত অলিম্পিকত পদক জয় কৰিলে কুৱেইটৰ আব্দুল্লা আল ৰাম্বিডিয়ে

Share

ৰাজীৱ কলিতা

২৮ জুলাই: টকিঅ’ত অনুষ্ঠিত হৈ থকা বিশ্বক্ৰীয়াৰ সৰ্ববৃহৎ প্ৰতিযোগিতাত সোমবাৰে আছাকা শ্বুটিঙ ৰেঞ্জত অনুষ্ঠিত পুৰুষ শ্বুটিঙৰ স্কীট ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে কুৱেইটৰ ৫৮বছৰীয়া খেলুৱৈগৰাকীয়ে।পদক জয় কৰি উৎফুল্লিত হৈ পৰা খেলুৱৈগৰাকীয়ে কয় যে মই বয়োজোষ্ঠ শ্বুটাৰ আৰু ব্ৰঞ্জৰ পদকটো মোৰ বাবে স্বৰ্ণ পদকতকৈ অধিক মূল্যবান। তেঁও প্ৰতিপন্ন কৰিছে যে প্ৰবল ইচ্ছাশক্তি থাকিলে বয়স কেতিয়াও হেঙাৰ হব নোৱাৰে। উল্লেখ্য যে, চলিত অলিম্পিকৰ শ্বুটিঙত আব্দুল্লাৰ লগতে তেওঁৰ পুত্ৰইয়ো দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *