কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ ।পত্নীৰ কাতৰ আহ্বানৰ পাছতেই নিৰুদ্দিষ্ট হৈ থকা প্ৰাঞ্জল মৰাণক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে । আজি মৃতদেহটো উদ্ধাৰ হোৱা বুলি পত্নী উৰ্বশী মৰাণক জনায় IGP জিৎমল দলে।
লিডুৰ কয়লা খনিত কৰ্মৰত হৈ আছিল প্ৰাঞ্জল মৰাণ ,আৰু ৬ জানুৱাৰীৰ পৰা কৰ্মৰ স্থলীৰ পৰা নিৰুদ্দেশ হৈ আছিল প্ৰাঞ্জল । আজি নিৰুদ্দেশ হোৱা স্থানতে মৃতদেহ উদ্ধাৰ হৈছে । ঘটনা স্থলীলৈ ইতিমধ্যে পত্নী আৰু পৰিয়ালৰ লোক ৰাওনা হৈছে । আজি সন্ধিয়া পৰিয়ালক গতাই দিব মৃতদেহ, এই কথা ফোনযোগে অৱগত কৰি নিশ্চিত কৰি কয় IGP গৰাকীয়ে ।
৬জানুৱাৰী পৰা নিৰুদ্দেশ হৈ থকা প্ৰাঞ্জলক বিচৰাৰ বাবে চৰকাৰেও লোৱা নাছিল কোনো ব্যৱস্থা । তাৰ পিছত পত্নীৰ অনুৰোধ মৰ্মে আৰক্ষী সঞ্চালক জি পি সিঙে বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল ।