বনকৰ্মী বিদ্যাসিং লেকথেৰ ঘৰত কান্দোনৰ ৰোল । বৃহস্পতি বাৰে মৃতদেহ ঘৰলৈ অহাৰ লগে লগে শোকত ভাগি পৰিল পৰিয়াল তথা সমগ্ৰ অঞ্চলৰ লোক। ইফালে ২৩ নৱেম্বৰত পশ্চিম কাৰ্বি-আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত প্ৰাণ দিব লগা হয় বনকৰ্মী বিদ্যাসিং লেকথেয়ে। অসমৰ পৰা সৰবৰাহ কৰা কাঠ ভৰ্তি ট্ৰাক অসমৰ বনৰক্ষীয়ে জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ লগতে গুলীচালনা সংগঠিত হয়।আৰু সেই গুলীচালনাত প্ৰাণ দিব লগা হয় অসমৰ এজন বনৰক্ষীৰ লগতে ৬জনকৈ লোকে। ইফালে বুধবাৰে মেঘালয় আৰক্ষীয়ে বনকৰ্মী জনৰ মৃতদেহ অসম আৰক্ষীক চমজাই দিয়াত অসম আৰক্ষীয়ে মৰণোত্তৰ বাবে ডিফু মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। তাৰ পিছতে পুৱা বনকৰ্মীজনৰ মৃতদেহ বৈঠালাংছুলৈ আনি পৰিয়ালক স-সন্মানেৰে গতাই দিয়ে। উল্লেখ্য যে বনকৰ্মী গৰাকীয়ে এটি চাৰি আৰু এটি ডেৰবছৰীয়া শিশুৰ লগতে পত্নীক এৰি ইহসংসাৰ ত্যাগ কৰে।