বিজেপিয়ে ঘৰতে গাখীৰ খুৱাই সাপ পুহিছিল !

Share

ডিজিটেল ডেস্কঃ আজি বিহাৰত নতুন চৰকাৰ গঠন কৰা হ’ব। বিয়লি ২বজাত পুনৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব নীতিশ কুমাৰে। অষ্টম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপত নীতিশ কুমাৰ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ দিশে আগবঢ়াৰ সময়ত বিজেপিক মুখ্যমন্ত্ৰী গৰাকীক বিশ্বাসঘাটক কৰা বুলি আখ্যা দিছে। 

এন  ডি এ মিত্ৰজোঁট বিজেপিৰ সংগ এৰি নীতিশ কুমাৰে ৯ আগষ্টত বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত তেওঁৰ মুখ্যমন্ত্ৰী পদৰ পদত্যাগ পত্ৰ দাখিল কৰে। মিত্ৰজোঁটৰ পদত্যাগ পত্ৰক ১৬৪ জন বিধায়কে সমৰ্থন জনায়। আৰু নতুন চৰকাৰ গঠনৰ বাবে ৭ টা দলে সমৰ্থন কৰে। উল্লেখ্য যোগ্য যে জনতা দল আৰু বিজেপি মিত্ৰজোঁটে শেহতীয়া বিধানসভা নিৰ্বাচনত বহু কম ভোট লাভ কৰাৰ বাবেই নীতিশ কুমাৰে এই সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। 

আনহাতে তেজস্বী যাদৱেও বিজেপিক দোষাৰোপ কৰি কয় যে বিজেপিৰ সৈতে মিত্ৰতা কৰি গঠন হেৱা প্ৰত্যেক চৰকাৰেই বিফল। মহাৰাষ্ট্ৰ আৰু পঞ্জাব ইয়াৰেই নিদৰ্শন। 

Leave a Reply

Your email address will not be published. Required fields are marked *