নলবাৰী শিল্পী সমাজৰ আকৰ্ষণীয় পদক্ষেপ

Share
ৰাস পূৰ্ণিমা লৈ মাজত মাথোঁ কেইটামান দিন বাকী । ইতিমধ্যেই প্ৰায় কেইখন জিলাতেই ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে স্থানীয় ৰাইজ যুৱক যুৱতী সকল।নলবাৰীৰ ৰাস মহোৎসৱৰ  প্ৰস্তুতি এইবাৰ কিছু পৃথক  ৰূপত।অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতেৰে আৰম্ভনি কৰাৰ পৰিকল্পনা নলবাৰী শিল্পী সমাজৰ।৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হব শ্ৰী শ্ৰী হৰি মন্দিৰৰ এই ৰাস মহোৎসৱ।
এই কথা সদৰি কৰে উদযাপন সমিতিৰ সভাপতি হিচাপে দায়িত্বত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।সোমবাৰে এক সংবাদমেলত  ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে উল্লেখ কৰি উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্লবৰুৱাই কয়, “জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অহা ৬ নৱেম্বৰত গৰ্ডন ফিল্ডত অনুষ্ঠিত হ’ব বিশেষ সংগীতানুষ্ঠান ।৫ ৰ পৰা ১০ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ গীত । এই সংগীতানুষ্ঠানৰ পৰিকল্পনা কৰিছে দিগন্ত ভাৰতীয়ে ।নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ এই ৰাস মহোৎসৱ ৯২ বছৰত ভৰি দিয়া উপলক্ষে  অহা ১২ নৱেম্বৰত সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে।
সুধাকণ্ঠ  ভুপেন  হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ১৩ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ১০০ টা ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে জয়ন্ত মল্লবৰুৱাই । উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “এইবাৰ ৯ আৰু ১০ নৱেম্বৰত জীৱন্ত ৰাস প্ৰদৰ্শিত হ’ব ৷ মৃণ্ময় মূৰ্তি ৰাস, পুতলা ৰাস আৰু জীৱন্ত ৰাস এই তিনিবিধ ৰাসৰ সমাহাৰ ঘটিব নলবাৰীৰ ৰাস মহোৎসৱত ৷ ‘প্ৰজ্ঞা’ৰ উদ্যোগত প্ৰদৰ্শিত হ’ব অখণ্ড ভাৰত ।”
এই ৰাসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেইবাজনো বিশিষ্ঠ ব্যক্তি। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ।

Leave a Reply

Your email address will not be published. Required fields are marked *