সৰুপথাৰত জনজাতিকৰণৰ দাবীত আটাছুয়ে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিলে

Share

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে জনজাতিকৰণৰ প্ৰতিবাদ।সৰুপথাৰত আটাছুয়ে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিলে।জনজাতিকৰণৰ দাবীৰে হাতত জোঁৰ লৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিলে ৰাজপথত।কালি নিশা টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন হয়।প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদী কণ্ঠত শুনিবলৈ পোৱা গ’ল “বিজেপি চৰকাৰ হায় হায়,স্বায়ত্বশাসন প্ৰদান কৰক,কোনে কয় লাচিত নাই,হাজাৰ লাচিত আগুৱায়,আছে হেংদাং লোৱা নাই,ল’লে হেংদাং ৰক্ষা নাই” ইত্যাদি শ্লোগান।৪৫ লাখ আহোম মানুহ সাজু হৈছে প্ৰতিবাদৰ বাবে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা আটাছুৰ  কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভাস্কৰ বুঢ়াগোঁহায়ে কয়-“বছৰ বছৰ ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছোঁ।অসম আৰু অসমীয়া জাতিৰ বাবে সৰ্বস্ব উজাৰি দিয়া আহোম জনগোষ্ঠী ৰাজপথত ওলাব লগীয়াটো চৰম দুৰ্ভাগ্যজনক বিষয়।এটা কথা ঠিক যে পূৰ্বৰ চৰকাৰসমূহে আমাক প্ৰতাৰণা কৰাৰ লগতে এটা গাঁঠি লগাই থৈ গ’ল, তাৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰখনে ৰাজনীতি কৰিবলৈ সুবিধা পাইছে।”

ইয়াৰ পূৰ্বেও সৰুপথাৰত চাওতাল ছাত্ৰ সন্থাই জনজাতীকৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।কিন্তু চৰকাৰে এতিয়াও বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ সমস্যাসমূহ দূৰ নকৰিলে পৰিস্থিতি ভয়াবহ হ ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *