পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম কন্যা

Share

অতি কম বয়সতে নৃত্যৰ জগতখনত বহু সফলতা অৰ্জন কৰা কণমাণি অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ে পুনৰ গৌৰব কঢ়িয়াই আনিলে অসমলৈ। SUPER DANCE CHAPTER -5 বিজয়ী হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চিলাপথাৰৰ ৮ বছৰীয়া কণমাণি আধ্যাশ্ৰীয়ে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপথৰ চেনেলত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটী শ্ব’ SUPER DANCER CHAPTER -5  প্ৰতিটো খণ্ডতে কনমাণি গৰাকীয়ে নিজৰ নৃত্য প্ৰতিভাৰে সকলো বিচাৰক মণ্ডলীক মন্ত্ৰ মুগ্দ্ধ কৰাইছিল। কণমাণি আধ্যাশ্ৰীয়ে সকলোকে আকষৰ্ণীয় নৃত্য প্ৰদৰ্শনেৰে শীৰ্ষত 6 ত প্ৰৱেশ কৰি অসমবাসী ৰাইজলৈ কঢ়িয়াই আনে SUPER DANCER CHAPTER-5 ৰ খিতাপ লগতে লাভ কৰে ১০ লাখ টকাৰ নগদ ধন।

সেই খিতাপ লৈ আধ্যাশ্ৰী মুম্বাইৰ পৰা যোৱা ১৪ অক্টোবৰ তাৰিখে পোনে পোনে আহিল জুবিন গাৰ্গৰ সমাধিস্হল সোণাপুৰলৈ। Sony tv  ৰিয়েলিটি শ্ব’ লৈ যোৱা পূৰ্বে জুবিন গাৰ্গৰ পৰা আৰ্শীবাদ লৈছিল কণমাণি আধ্যাশ্ৰীয়ে। জুবিন গাৰ্গৰ সমাধিস্হলত গৈ কান্দোনত ভাঙি পৰিল আধ্যাশ্ৰী উপাধ্যায়ে। নিজৰ পৰিয়ালৰ লগতে অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই  অনা আধ্যাশ্ৰী সৰুৰে পৰা নৃত্যৰ ক্ষেত্ৰত  আগৰণুৱা আছিল। জুবিন গাৰ্গৰ মৃত্যুৰে সমগ্ৰ অসম শোকস্তব্ধ কৰি থকাৰ সময়ত আধ্যাশ্ৰয়ে দিলে অসমবাসীক  বিজয় হোৱাৰ সু খবৰ দিলে। কণমাণি আধ্যাশ্ৰী বৰ্তমান গুৱাহাটীৰ দিলীপ দাস একাডেমীৰ এগৰাকী  ছাত্ৰী। আধ্যাশ্ৰীয়ে প্ৰায়ে লগ পাইছিল জুবিন গাৰ্গক । তাই জুবিন গাৰ্গক মামা বুলি মাতিছিল । তাইক জুবিনে মৰমতে টিকলি বুলি মাতিছিল।SUPER DANCER CHAPTER-5 ত বিজয়ী হ’ল যদিও জুবিন গাৰ্গ নোহোৱাত সমাধিস্হলত জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিলে আধ্যাশ্ৰীয়ে।বিজয়ী ট্ৰফীটো জুবিনৰ প্ৰতিচ্ছবি সন্মুখত ৰাখি প্ৰাৰ্থনা কৰিলে আধ্যাশ্ৰীয়ে, লগতে তাই গুণ গুণালে জুবিন গাৰ্গৰ মায়াবিনী গীতটি। সমাধিস্হলত বহু সময় কটোৱাৰ পিছতেই তাই ৰাওনা হ’ল জুবিন গাৰ্গৰ কাহিলীপাৰা স্হিত বাসগৃহলৈ । উপস্হিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতেই পিতৃ কপিল বৰঠাকুৰৰ লগত কথা পাতিলে আধ্যাশ্ৰীয়ে। তাৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ পৰা আৰ্শীবাদ লয় কণমাণি আধ্যাশ্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *