২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইমাহমান বাকী। এইখিনি সময়তে শাসনাধীষ্ঠ দলটোক হৰুৱাবলৈ সমূহ বিৰোধী একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু, কংগ্ৰেছৰ হাইকামাণ্ডৰ নিৰ্দেশ যে মিত্ৰজোঁট আগবঢ়োৱাৰ পূৰ্বে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে আলোচনা কৰিহে মিত্ৰজোঁটত আগবাঢ়িব পাৰিব কংগ্ৰেছ। কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা সকলৰ সৈতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতা সকলৰ দিল্লীত এক বৈঠক অনুষ্ঠিত হয়।বৈঠকত নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে প্ৰমুখ্য কৰি উপস্থিত আছিল কেইবাজনো নেতা লগতে বৈঠকখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈকে প্ৰমুখ্য কৰি উপষ্ঠিত আছিল কেইবাজনো জ্যেষ্ঠ নেতা। সেই বৈঠকতে অসমৰ বিৰোধী ঐক্যৰ বিষয়টো আলোচনা হয় আৰু কংগ্ৰেছ হাইকামাণ্ডে কোনো মিত্ৰজোঁট আগবঢ়োৱাৰ পূৰ্বে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ মতে অসমত বিজেপিক গাদীচ্যুত কৰিবলৈ হ’লে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ আৱেগক গুৰুত্ব দিব লাগিব।অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে “শেহতীয়াকৈ নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে আমাৰ এক গুৰুত্বপূৰ্ণ বৈঠক হৈছিল। কোনো ধৰণৰ মিত্ৰতালৈ যোৱাৰ পূৰ্বে আমাক নিজৰ মাজত আলোচনা কৰিবলৈ কোৱা হৈছে।যিহেতু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে অসমৰ প্ৰায় সাঁতটা ৰাজনৈতিক দলে বিজেপিৰ বিৰোদ্ধে এক বিৰোধী ঐক্য মঞ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেৱব্ৰত শইকায়াই কয় যে মিত্ৰটা সন্দৰ্ভত যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আমি আমাৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতাৰ সৈতে আলোচনা কৰিম।