পেহেলগামৰ ভুক্তভোগীক পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান অসম চৰকাৰৰ

Share

শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুৱে শনিবাৰে ৰাজস্থানৰ জয়পুৰত প্ৰয়াত নীৰজ উধৱানীৰ বাসগৃহত উপস্থিত হয়।যোৱা ২২ এপ্ৰিলত পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণত নীৰজ উধৱানীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল।ৰণোজ পেগুৱে শোকসন্তপ্ত পৰিয়ালটোক আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে নৃশংস আৰু অমানৱীয় আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।অসম চৰকাৰৰ হৈ তেওঁ প্ৰয়াত উধৱানীৰ পত্নী আৰু মাতৃক শোকৰ সময়ত সন্মান আৰু সমৰ্থন কৰি ৩ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰে।ৰণোজ পেগুৱে এই কথা সদৰী কৰি এক্সযোগে কয় যে- শেহতীয়া পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণত জয়পুৰৰ বাসিন্দা প্ৰয়াত নীৰজ উধৱানীয়ে কৰুণ ভাৱে প্ৰাণ হেৰুৱাইছিল।এইচ চি এম ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে আজি জয়পুৰত থকা তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি আন্তৰিক শোক প্ৰকাশ কৰি তেখেতৰ পত্নী আৰু মাতৃক ৩,০০,০০০ লাখ টকাকৈ অৰ্পণ কৰিলোঁ। এই কঠিন সময়ত তেওঁলোকৰ লগত আমাৰ প্ৰাৰ্থনা ৰৈ গৈছে।

আনহাতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণন্দু পালে কলকাতা ভ্ৰমণ কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পইন্ট ব্লেক ৰেঞ্জত গুলীয়াই হত্যা কৰা আন এজন ভুক্তভোগী কলকাতাৰ প্ৰয়াত বিতন অধিকাৰীৰ বাসগৃহত উপস্থিত হয়।তেওঁ প্ৰয়াত বিতনৰ পত্নী সোহিনী ৰয়ক সাক্ষাৎ কৰি শোক প্ৰকাশ কৰে আৰু ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।কৃষ্ণন্দু পালে শনিবাৰে এক্সত পোষ্ট কৰি এই তথ্য সদৰী কৰি কয় যে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫ লাখ টকাৰ চেক এখন ভুক্তভোগীৰ আত্মীয়ক অৰ্পণ কৰিলোঁ।লগতে এটা শোক বাৰ্তা আগবঢ়ালোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *