অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত বাৰ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম গ্ৰন্থমেলা ২০২২-২৩। ২৯ ডিচেম্বৰ ২০২২ ৰ পৰা ০৯ জানুৱাৰী ২০২৩ লৈকে অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাৰ উদ্বোধন কৰিব ইণ্ডোনেচিয়াৰ প্ৰখ্যাত পৰিৱেশ্য কাব্য-শিল্পী তাৰা নোইচান্তাৰায়ে। বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক তথা সমালোচক ড° গোৱিন্দ প্ৰসাদ শৰ্মা।
গ্ৰন্থমেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব ২০২২ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটাসমূহ। দিনটোৰ অন্তিমটো কাৰ্যসূচী হিচাপে সন্ধিয়া ৫:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই অনুষ্ঠানতেই ২০২২-২৩ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ উদ্বোধক তথা ইণ্ডোনেচিয়াৰ শিল্পী তাৰা নোইচান্তাৰাই কাব্য শিল্প পৰিৱেশন কৰিব।