ঘোষণা হল বিজ্ঞান পৰীক্ষাৰ পৰৱৰ্তী দিন

Share

সমগ্ৰ ৰাজ্যজুৰি তুমূল বিতৰ্কৰ সৃষ্টি কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত নতুন ঘোষণা শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ।

পৰীক্ষালৈ মাত্ৰ কেইঘন্টামান থাকোতে মাজনিশা বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাত ছেবাই প্ৰকাশ কৰিবলগীয়া হৈছিল পৰীক্ষা বাতিল হোৱাৰ জাননী। মাজনিশা প্ৰকাশ কৰা জাননীৰ বাবে বহু শিক্ষাৰ্থীয়ে পুৱা পৰীক্ষাগৃহৰ পৰা উভতি যাব লগীয়া হৈছিল। তাৰ ঠিক পিছতেই ৰাজ্যৰ বিভিন্ন  প্ৰান্তত বহুতো দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। বহু ঠাইত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীও প্ৰত্যক্ষ কৰা হয়। 

শেহতীয়াকৈ শিক্ষামন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰে যে ১৩ মাৰ্চ , সোমবাৰে অনুষ্ঠিত হবলগীয়া বিজ্ঞানৰ পৰীক্ষা ৩০ মাৰ্চ,২০২৩ ত অনুষ্ঠিত হব বুলি ঘোষণা কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *