শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক অধিৱেশন অনুষ্ঠিত হ’ব এইবাৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত। ৯৫ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলাইছে ভক্তপ্ৰাণ ৰাইজে। জামুগুৰিহাটৰ ধলাইবিল আৰু চৈবাৰীৰ মাজৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। মাজত মাথোঁ এটা মাহ।অহা ৬,৭, আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন।
ৰাজ্যখনৰ ভিন ভিন প্ৰান্তৰ লাখ লাখ ভকতক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰাত ব্যস্ত জামুগুৰিহাটবাসী৷ জামুগুৰিহাটবাসীৰ ৰাইজৰ অধিৱেশনক লৈ এতিয়া সীমাহীন উৎসাহ।উত্তৰ পূৰ্বাঞ্চলৰ এক সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে পৰিচিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ অধিৱেশন। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা অধিৱেশনৰ লাই খুটা শংকৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ৪ জানুৱাৰী অৰ্থাৎ দেওবাৰে স্থাপন কৰে।
আনফালে অধিৱেশনৰ সমুহ কামকাজৰ তদাৰক কৰাত ব্যস্ত হৈ পৰিছে চতিয়া সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকা । এই তিনিদিনীয়া অধিৱেশনত উপস্হিত সমূহ ভক্তপ্ৰাণ ৰাইজৰ আতিথ্য আৰু আপ্যায়নত কোনোধৰণৰ ক্ৰটি নৰখাকৈ সফল কৰি তুলিবৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি আৰম্ভ কৰা হৈছে বুলি তেওঁ মত পোষন কৰিছে।