অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ কিছু অংশত ভূমিকম্পই জোকাৰিলে ৫.৯ ৰিখটাৰ স্কেলত।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বিয়লি ৪:৪১ বজাত ঢেঁকীয়াজুলিত ১৬ কিলোমিটাৰ গভীৰতাত ইয়াৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু ৰেকৰ্ড কৰা হয়। গুৱাহাটীত বহু বাসিন্দা আতংকিত হৈ ঘৰৰ পৰা ওলাই যায়।চুবুৰীয়া দেশ ভূটান, নেপাল আৰু বাংলাদেশতো এই কম্পন অনুভৱ কৰে।
ভূমিকম্পৰ প্ৰৱল জোঁকাৰণিৰ ফলত তেজপুৰ চহৰৰ এগৰাকী মহিলাই শোৱাপাটীতে অকাল মৃত্যুক সাৱটি লয়।
তেজপুৰ চহৰৰ মুখ্য ডাকঘৰৰ পৰা গাৰোৱাণপট্টী সংযোগী পথৰ অনন্ত কমপ্লেক্সৰ নিচেই কাষতে থকা এটা দুমহলীয়া গৃহত নিজৰ কোঠাত শুই থকাৰ অৱস্থাত ভূমিকম্পৰ ফলত হুৱাদুৱা লগাত ভয়তে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মহিলাগৰাকীৰ মৃত্যু হয়।
মৃত্যু হোৱা মহিলাগৰাকীৰ নাম য়াছমিন খানম বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
ভাৰতৰ অন্যতম ভূমিকম্প সক্ৰিয় অঞ্চল অসমত সঘনাই ভূমিকম্প হয়।এন চি এছে এই অঞ্চলটোক ভূমিকম্পজনিতভাৱে ‘অতি সক্ৰিয়’ বুলি শ্ৰেণীভুক্ত কৰিছে, যিটো সংঘৰ্ষমূলক টেকটনিক্সৰ সৈতে বিপদজনক অঞ্চল Vৰ সৈতে জড়িত য’ত ভাৰতীয় প্লেটখন ইউৰেছিয়ান প্লেটৰ তলত তললৈ নামি যায়।
|