অসমৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ডৰ অনুষ্ঠান উপস্থাপন কৰা হ’ব। দেওবাৰে All India Radio ত সম্প্ৰচাৰিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰংঘৰৰ বাকৰিত প্ৰস্তুতি আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত তথা পুৰাতত্ব বিভাগৰ সহযোগত ৰংঘৰত শীৰ্ষক অনুষ্ঠানটিৰ বিশেষ আয়োজন কৰা হৈছে। দেশৰ মুঠ ১৩ টা প্ৰাচীন কীৰ্তিচিহ্নৰ চৌহদত ‘মন কি বাত’ৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, এই শীৰ্ষক অনুষ্ঠানটিৰ বাবে ৰং বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে ৰংঘৰ। প্ৰজেক্টৰৰ সহায়ত নতুন ৰূপ দিয়া হয় ৰংঘৰক। যোৱানিশা প্ৰজেক্টৰৰ সহায়ত ৰংঘৰত কিছু ধৰ্মীয় চিহ্ন প্ৰতিফলিত কৰা হয় । যাক লৈ এতিয়া এচামে যদি শলাগিছে, এচামে কৰিছে সমালোচনা। ৰংঘৰক বিকৃত ৰূপ দিয়াৰ বাবে অভিযোগ উত্থাপন কৰিছে একাংশই।
ৰংঘৰক এনেদৰে বিকৃত ৰূপ দিয়াক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। তেওঁ উল্লেখ কৰে, “ৰংঘৰৰ দৰে জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত পৰা কোনো কাম নকৰা ভাল। মই সংশ্লিষ্ট সকলো পক্ষক জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান জনালো।’’