শোভাশ্ৰী বাৰিক,৮অক্টোবৰঃ টেটৰ ভুৱা প্ৰমান-পত্ৰৰে শিক্ষকৰ চাকৰি লৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ৰ জালত পৰিছে মুঠ ২৯জন শিক্ষক।তদুপৰি এতিয়ালাকে একেটা গোচৰতে চি আই ডিয়ে ৬জন দালালক গ্ৰেপ্তাৰ কৰিছে।এই দালাল সকলৰ বেংক একাউন্ট সমূহ ইতিমধ্যে জব্দ কৰা হৈছে,আৰু পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে।এই গোচৰৰ তদন্তৰ সময়ত ভুৱা প্ৰমান-পত্ৰ ,কেইবাটাও মবাইল ফোন,লেপটপ,কম্পিউটাৰ আৰু আপত্তি জনক নথি পত্ৰ জব্দ কৰা হৈছে আৰু সেইসমূহৰ পৰীক্ষা অৱ্যাহত ৰাখিছে।
টেটৰ ভুৱা প্ৰমান পত্ৰ ছপা কৰা নগাঁৱৰ আমোলাপট্তিৰ প্ৰগেছিভ প্ৰেছ নামৰ এটা ছপাশাল জব্দ কৰা হৈছে।ছপাশালত কৰা তালাচীৰ সময়ত কেতবোৰ ভুৱা প্ৰমান প্ৰত্ৰ জব্দ কৰা হৈছে।এই কেলেংকাৰিত অভিযুক্ত পলাতক আন কেইবাজনো শিক্ষক আৰু দালালক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে চি আই ডিয়ে।