কাকপথাৰস্থিত ভাৰতীয় সেনা চাউনীত ভয়ংকৰ আক্ৰমণঃ আলফা (স্বা) জড়িত থকাৰ সন্দেহ

Share

তিনিচুকীয়া জিলাৰ কাকপথাৰত ভাৰতীয় সেনাৰ ১৯ গ্ৰেণেডিয়াৰ শিবিৰত মাজনিশা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি নিশা প্ৰায় ১২.৩০ বজাত প্ৰথমে হঠাৎ বোমা বিস্ফোৰণৰ দৰে শব্দ হয়। বিস্ফোৰণৰ পিছত প্ৰায় শ শ গুলীৰ শব্দও শুনিছিল স্থানীয় ৰাইজে। ঘটনাটো  চলি থকা সময়তে পুৱা  অৰুণাচলৰ টেঙাপানীৰ পৰা আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰা সন্দেহজনক ট্ৰাক আৰক্ষীয়ে উদ্ধাৰ কৰে ।

উদ্বাৰ হোৱা ট্ৰাক খনৰ  নম্বৰ AS-25-EC-2359 । এই  গোটেই  আক্ৰমণত আলফা স্বাধীন জড়িত থকাৰ  সন্দেহ কৰা হৈছে ।আক্ৰমণটোত  ভাৰতীয় সেনাৰ ৩গৰাকী  আহত হোৱাৰো  খবৰ পোৱা গৈছে।সূত্ৰৰ মতে  আক্ৰমণকাৰী দলটোৱে এখন ট্ৰাক ব্যৱহাৰ কৰিছিল ।দলটোৱে ট্ৰাকত আহি  ঘটনা সংঘটিত কৰি পুনৰ  ট্ৰাকেৰে অৰুণাচল প্ৰদেশ  অভিমূখে পলায়ন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *