কোহলিলৈ বিশেষ উপহাৰ তেণ্ডুলকাৰৰ

Share

পাঁচ দিন পূৰ্বে এদিনীয়া ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক শতৰাণৰ অভিলেখ ভংগ কৰিছে বিৰাট কোহলিয়ে। কালি ফাইনেলৰ পূৰ্বে শচীনৰ পৰাই বিশেষ পুৰস্কাৰ লাভ কৰিলে কোহলিয়ে।
   ভাৰতৰ প্ৰাক্তন অধিনায়কৰ হাতত নিজৰ এটা জাৰ্ছী তুলি দিয়ে শচীনে। যিটো জাৰ্ছী পিন্ধি শচীনে নিজৰ অন্তিমখন আন্তৰ্জাতিক মেছ লিখিছিল, সেই জাৰ্ছীটোৱে বিশ্বকাপৰ ফাইনেলৰ পূ্ৰ্বে তুলি দিলে কোহলিৰ হাতত। সেই জাৰ্ছীতেই আছে তেণ্ডুলকাৰৰ নিজৰ স্বাক্ষৰ লগতে আছে কেইখনমান ছবিও। এই বিশেষ উপহাৰ লাভ কৰি কোহলি কিমান আপ্লুত হৈ পৰিছিল সেই কথা আলোকচিত্ৰ খন দেখিলেই বুজিব পৰা যায়।
    ব’ৰ্ডৰ তৰফৰ পৰা লিখা হৈছে – এখন বিশেষ মেছ আৰু ফাইনেলৰ পূৰ্বে এটি বিশেষ মুহূৰ্ত৷ তেণ্ডুলকাৰৰ ফালৰ পৰা এই বিশেষ উপহাৰ পায় ফটোৰ বাবে হাঁহি হাঁহি প’জ দিয়ে কোহলিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *