ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে।ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে চৰকাৰক সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে।আনহাতে বিগত দিন কেইটাত নেৰা নেপেৰা বৰষুণৰ ফলত উত্তৰ-পূবত সৃষ্টি হৈছে প্ৰৱল বানৰ।এই সন্দৰ্ভতো প্ৰধানমন্ত্ৰীক অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আনহাতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্বন্ধেও প্ৰধানমন্ত্ৰীক জনায় মুখ্যমন্ত্ৰীয়ে।ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে নৰেন্দ্ৰ মোডীয়ে।ইয়াৰে পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে-কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয় আৰু এই বিষয়ত আমি কিছু সময় বাৰ্তালাপ কৰোঁ৷ অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত বানৰ সৃষ্টি হোৱা তথা বহু লোকৰ জীৱনত কিদৰে ইয়াৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতক অৱগত কৰোঁ। আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযান তথা এই দুৰ্যোগৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ বিষয়েও তেখেতক অৱগত কৰিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আমালৈ সহায়-সহযোগিতা আৰু বান আক্ৰান্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছে।তেখেতৰ পথ প্ৰদৰ্শন আৰু আমাৰ প্ৰতি সহায়ৰ বাবে অসমবাসীৰ হৈ আমি কৃতজ্ঞ হৈ ৰ’ম৷