ভাৰতত প্ৰথমবাৰৰ বাবে উৰিল তেজছ এমকে-১এ জেট

Share
শুক্ৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত নাচিকৰ পৰা তেজছ এমকে -১এ যুদ্ধ বিমানখন প্ৰথম বাৰ বাবে উৰণ কৰে।হিন্দুস্তান এৰনটিক্স লিমিটেডৰ নাছিক কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাইট কম্বেট এয়াৰক্ৰাফ্টৰ বাবে এইচ এ তৃতীয় উৎপাদন লাইন আৰু এইচ টি টি-৪০ প্ৰশিক্ষক বিমানৰ দ্বিতীয়টো উৎপাদন লাইন উদ্বোধন কৰি আই এ এফৰ শক্তি আৰু থলুৱা প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰে। বৰ্তমান বেংগালুৰুত দুটা কেন্দ্ৰত তেজছ যুঁজাৰু বিমানৰ উৎপাদন চলি থকাৰ বিপৰীতে নাছিকৰ নতুন কেন্দ্ৰটোৱে ১৫০ কোটি টকাৰ অধিক বিনিয়োগৰ কথা চিন্তা কৰিছে।এই উৎপাদন লাইনে বছৰি আঠখন জেট বিমান সংযোজন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও তেওঁলোকে ১৬ খন জেট বিমান সংযোজন কৰাৰ কথা চিন্তা চৰ্চা কৰিছে যাৰ ফলত এইচ এ  এলৰ উৎপাদন ক্ষমতা ২৪ খন বিমানলৈ বৃদ্ধি পাব।বহু ভূমিকা আৰু উন্নত যুদ্ধ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এল চি এ এম কে -১ এ নিৰ্মাণ কৰা হৈছে যত আকাশতে ইন্ধন ভৰাব পৰা ক্ষমতা আছে।এই বিমানখন ৪.৫ প্ৰজন্মৰ বাবে বহু ভূমিকা গ্ৰহণ কৰিব লগতে সামুদ্ৰিক আক্ৰমন আৰু বায়ু প্ৰতিৰক্ষা কে ধৰি স্হল আক্ৰমন অভিযানৰ বাবে সক্ষম হব।২২০০ কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈ অধিক গতিৰে ইয়াক যুদ্ধ ৰ বাবে ডিজাইন কৰা হৈছে।
এইচ এ এলৰ বিষয়াসকলে কয় যে এল চি এ এম কে-১ এৰ উৎপাদনৰ গতি ত্বৰান্বিত হৈছে । শেহতীয়াকৈ কোম্পানীটোৱে আমেৰিকাৰ নিৰ্মাতা কোম্পানী জেনেৰেল ইলেক্ট্ৰিকৰ পৰা চাৰিটা জি ই-৪০৪ জেট ইঞ্জিন লাভ কৰিছে । চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে মুঠ ১২টা জেট ইঞ্জিন লাভ কৰাৰ সম্ভাৱনা আছে । এই ইঞ্জিনসমূহে প্ৰথমটো বেটচৰ বিমানক শক্তি প্ৰদান কৰিব ।২৫ ছেপ্টেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এইচ এ এলৰ সৈতে ৬২,৩৭০ কোটি টকাৰ চুক্তি সাক্ষৰ কৰিছিল।যত আছে ৯৭ খন তেজচ এম্ কে-১এম যুঁজাৰু বিমান,৬৮ খন একক আসনৰ আৰু ২৯ খন দ্বৈত আসনৰ ট্ৰেইনাৰ ৰ ভেৰিয়েন্ট ।এই চুক্তিৰ ফলত আই এ এফৰ যি কাৰ্যকৰী শক্তি সেইয়া আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *