১২ বছৰৰ মূৰত টীম ইণ্ডিয়াই প্ৰৱেশ কৰিলে বিশ্বকাপ ফাইনেলত।টীম ইণ্ডিয়াই নিউজিলেণ্ডক হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে।যোৱা বিশ্বকাপত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হৈ বঞ্চিত হৈছিল ফাইনেলৰ পৰা।তাৰে সুযোগ ল’লে এইবাৰ ভাৰতীয় দলটোৱে।টীম ইণ্ডিয়াই ৱাংখেড়েৰ হেজাৰ হেজাৰ দৰ্শকক সাক্ষী কৰি যোৱা বিশ্বকাপৰ পৰাজয়ৰ মধুৰ প্ৰতিশোধ ল’লে।ৱাংখেড়েৰ বেটিং সহায়ক পিটচত ৰোহিত শৰ্মাই বেটিঙৰ সিদ্ধান্ত লৈ দুৰ্দান্ত গতিৰে ইনিংছ আৰম্ভ কৰে।২৯ বলত ৪৭ ৰান কৰি ৰোহিত শৰ্মাই খেলৰ আৰম্ভণিতে টীম ইণ্ডিয়াই ৪টা উইকেট হেৰুৱাই ৩৯৭ ৰান কৰিছিল।ভাৰতৰ হৈ শুবমন লীগে ৬৬টা বলত ৮০ ৰান কৰাৰ ওপৰি বিৰাট ক’হলিয়ে ১১৩টা বলত ১১৭ ৰান ইনিংছ খেলিলে।ক’হলিক সহযোগ কৰিছিল শ্ৰেয়াস আয়াৰে মাত্ৰ ৭০টা বলতে ১০৫ ৰান ইনিংছ কৰিলে।ভাৰতীয় দলে স্ক’ৰ ব’ৰ্ডত ৩৯৭ ৰান কৰাৰ পিছতে দেশৰ বিভিন্ন ঠাইত আবতৰীয়া দীপাৱলী পালন কৰিলে।উইলিয়ামছন আৰু লাথামক ২টা মান বলতেই বিদাই দি ছামিয়ে ভাৰতৰ বিজয় নিশ্চিত কৰিলে।এই প্ৰৰ্দশনৰ বাবেই ছামি মেচৰ শ্ৰেষ্ঠ হ’ল।এতিয়া তৃতীয়টো বিশ্বকাপত আগবঢ়াৰ দিশে এখোজ আগুৱালে ভাৰতে।অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত হ’বলগীয়া খেলত ছেমি বিজয়ী দলটো হ’ব ভাৰতৰ প্ৰতিদ্বন্দ্বী।