অনালি শৰ্মা
সমগ্ৰ অসম জুৰি কেঁচা পাতৰ দাম হ্ৰাস হোৱাৰ সময়তেই ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলাখনতো কেঁচা পাতৰ দামে দুখত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক । উল্লেখ্য যে বিশ্বনাথৰ ৩০ হাজাৰৰো অধিক লোক এই চাহ খেতিৰ লগতে পৰোক্ষভাৱে হ’লেও জড়িত ।
চলিত বৰ্ষৰ জুন মাহৰ পৰা কেঁচাপাতৰ প্ৰকৃত দামৰ পৰা বঞ্চিত হৈ বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি তথা সম্পাদকে অভিযোগো দাখিল কৰে ।
অন্যহাতে বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজীৱ শইকীয়াৰ লগতে বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাতুল দাসৰ ভাষ্য অনুসৰি যোৱা জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত মনিটৰিং কমিটীৰ আলোচনাত সৰ্বসন্মতি ক্ৰমে ২৮.৭২ টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও বট্ লিফ ফেক্টৰী সমূহে চাহৰ দৰ হ্ৰাস কৰাৰ ফলতেই কৃষক সকল প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত হয় । এই বিষয়টো আগতেও উল্লেখ কৰা হৈছিল যদিও তাৰ কোনো উচিত উত্তৰ নাপাই উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈ উক্ত বিষয়টো লিখিতভাৱে উপস্থাপন কৰে। ইয়াৰ উপৰি সন্থাটোৱে ভাৰতীয় চাহ ব’ৰ্ড উপ-আঞ্চলিক কাৰ্যালয় , বিশ্বনাথৰ বিষয়াগৰাকীৰ লগতে তেজপুৰৰ চাহ ব’ৰ্ডৰ সঞ্চালক গৰাকীৰ একাংশ চাহ কল ঘৰৰ মালিকৰ মতে উঠা বহা কৰাৰ লগতে কৃষকৰ প্ৰাপ্যৰ স্বাৰ্থত কোনোদিন গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে । অহা ২৬ জুলাইৰ পৰা অনিৰ্দিষ্ট কাললৈকে এই দাবীত জিলাখনৰ কেঁচা চাহপাত তোলা বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচীও হাতত লয় । অতি দুখৰ বিষয় যে জিলাখনৰ ৮০% খেতিয়কে জাতীয় অৰ্থনীতিলৈ অৱদান আগবঢ়াই অনাৰ লগতে ১৬ হাজাৰ কোটি টকা চৰকাৰক দি থৈছে যদিও এই অৱস্থাত তেওঁলোকৰ হৈ কোনো আগবাঢ়ি নাহিল । এই সমূহৰ লগতে সন্থাটোৱে বিষয়টো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰো দাবী জনায় ।