নতুন দিল্লী, মাধুৰীমা ৰায়, ৩০ ছেপ্তেম্বৰঃ ইছলামিক সন্ত্ৰাসবাদী সংগঠন তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলক নিজৰ দখললৈ অনাৰ পিছত দুয়োখন দেশৰ মাজত বিমান চলাচল বন্ধ কৰি দিয়া হৈছিল। কিন্তু এতিয়া তালিবান নিয়ন্ত্ৰিত আফগানিস্তান অসামৰিক বিমান প্ৰাধিকৰনে ভাৰত-আফগানিস্তানৰ মাজত পুনৰ বিমান চলাচল হোৱাটো বিচাৰিছে।
ইতিমধ্যে আফগানিস্তানৰ অসামৰিক বিমান আৰু পৰিৱহনৰ তত্তাৱধায়ক মন্ত্ৰী আলহাজ হামিদুল্লা আখুনজাদাই ভাৰতৰ ডিৰক্টৰেট জেনেৰেল অব চিভিল এভিয়েচন (ডি জি চি এ)লৈ বিমান চলাচল আৰম্ভ কৰিৱলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে। যোৱা ৭ ছেপ্তেম্বৰত কুমাৰলৈ সম্বোধন কৰি লিখা পত্ৰখনত আফগালিস্তানৰ সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীয়ে কয় যে দুই দেশৰ মাজত বুজাবুজিৰ চুক্তিৰ ভিত্তিত যাত্ৰীৰ আহ-যাহৰ বাবে বিমান সেৱা পুনৰ আৰম্ভ কৰিৱলৈ বিচৰা হৈছে। সেয়ে আফগানিস্তান অসামৰিক বিমান প্ৰাধিকৰণে বানিজ্যিক বিমান চলাচলৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে তালিবানে দখল কৰাৰ পাছত ১৬ আগষ্টৰপৰা আফগানিস্তানৰ আকাশমাৰ্গেৰে বিমান চলাচল বন্ধ কৰিছিল ভাৰতে। ১৫ আগষ্টত এয়াৰ ইণ্ডিয়াৰ অন্তিমখন বিমান গৈছিল কাবুললৈ। আনহাতে, স্পাইজেটে কোভিডৰ বাবে যোৱা বছৰৰপৰা বিমান বন্ধ ৰাখিছে।