পল্লৱী গগৈ
১৯ আগষ্ট, তালিবানঃ আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছতে ভাৰতৰ সৈতে থকা সকলো ধৰণৰ আমদানি- ৰপ্তানি বন্ধ কৰি দিলে তালিবানে।এইকথা “ফেডাৰেশ্যন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনইজেশ্যন” ৰ সঞ্চালক প্ৰধান ড° অজয় চাহায়ে তালিবানে ভাৰতৰ সৈতে আমদানি-ৰপ্তানি বন্ধ কৰি দিলে বুলি সদৰি কৰে।
উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টত তালিবানৰ সন্ত্ৰাসবাদীসকলে কাবুল দখল কৰাৰ পাছতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে দেশ এৰি পলায়ন কৰে।সেয়েহে কাবুলত আফগান চৰকাৰ পতন ঘটাৰ পাছতে ভাৰতৰ সৈতে থকা আফগানিস্তানৰ সকলো সম্পৰ্ক সাময়িকভাৱে বন্ধ হৈ পৰিছে।