তৃতীয়বাৰৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ নিলম্বিত SI জোনমণি ৰাভাক

Share

নিলম্বিত আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ডেকাক পুনৰ প্ৰেৰণ কৰা হ’ল ন্যায়িক জিম্মালৈ। তৃতীয়বাৰৰ বাবে মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জোণমণি ৰাভাক প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ।

উল্লেখ্য যে, বুধবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে চলা আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ পিছত নিলম্বিত এছআই গৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

ইফালে অহা জুলাই মাহৰ ১২ তাৰিখে পুনৰ জোণমণি ৰাভাক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান মাজুলী জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছে জোণমণি ৰাভা।

উল্লেখ্য যে, ভাৱীস্বামী ৰানা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জোনমণি ৰাভাক। ইফালে গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল তেওঁক।

Leave a Reply

Your email address will not be published. Required fields are marked *