মমতাৰ সৈতে থকা সুস্মিতা দেৱৰ ঘনিষ্ঠ সম্পৰ্কত ফাট মেলিছে। ২০২১ ত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুস্মিতা দেৱৰ প্ৰতি মৰম কমিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা সুস্মিতা দেৱক পশ্চিমবংগৰ পৰা মমতাই ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল।
সুস্মিতা দেৱৰ প্ৰতি মমতা বেনাৰ্জীৰ মৰম দেখি সেইসময়ত সুস্মিতাই আপ্লুত হয় কৈছিল,অসমৰ জীয়ৰী হোৱাৰ পাছতো তেওঁক বংগৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰাত আনন্দ লাভ কৰিছে। পিছে সেই মৰম বৰ বেছি দিন স্থায়ী হৈ নাথাকিল। ২০২১ত পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আখনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সুস্মিতা দেৱৰ কাৰ্যকাল ১৮আগষ্টত সমাপ্ত হব।
সুস্মিতা দেৱৰ সৈতে পশ্চিমবংগৰ মুঠ ছয়খন আসন খালী হ’ব। টি এম চিয়ে ঘোষণা কৰিছে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম। কিন্তু এইবাৰ তালিকাৰ পৰা বাদ পৰিল বৰাক উপত্যকাৰ শক্তিশালী নেত্ৰী সুস্মিতা দেৱ।