দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত ন্যায়াধীশ সূৰ্যকান্ত

Share

বৰ্তমান ভাৰতৰ মুখ্য ন্যায়ধীশ হিচাপে কাৰ্যকালত থকা বি আৰ গাভাই ২৩ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব । তেওঁৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মৱে ন্যায়াধীশ সূৰ্য কান্তৰ নাম শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনাইছে। সূৰ্যকান্তক ভাৰতৰ ৫৩ সংখ্যক ন্যায়ধীশ হিচাপে নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ।২৩ নৱেম্বৰত বি আৰ গাভাই অবসৰ লোৱাৰ পাছত ২৪ নৱেম্বৰত প্ৰায় ১৪ মাহৰ কাৰ্যকালৰ বাবে মুখ্য ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ কৰিব সূৰ্যকান্তে।তেওঁৰ কাৰ্যকাল থাকিব ২০২৭ চনৰ ৯ফেব্ৰুৱাৰীলৈকে।এক্সত পোষ্ট কৰি সূৰ্যকান্তক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে।২০১৮ চনত পৰা হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ ২০১৯ চনত উচ্চতম ন্যায়লয়ৰ ন্যায়ধীশ হিচাপে উন্নীত হয়। জন্মু আৰু কাশ্মীৰৰ ৩৭০নং অনুচ্ছেদ বাতিল কৰাৰ সৰ্মথনৰ  বিচাৰপীঠৰ অংশ হিচাপে আছিল তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *