গণৰাজ্য দিৱস উপলক্ষে উচ্চতম ন্যায়ালয় ১,২৬৮ টা বিচাৰ প্ৰক্ৰিয়াৰ শুনানি

Share

গণৰাজ্য দিৱস উপলক্ষে উচ্চতম ন্যায়ালয়ে সৰ্বমুঠ ১,২৬৮ টা বিচাৰ প্ৰক্ৰিয়াৰ শুনানি  ১৩ টা ভাষাত কৰিলে। যাতে স্থানীয় ভাষা সমূহতো সাধাৰণ ৰাইজে লাভ কৰিব পাৰে সম্পূৰ্ণ বিচাৰ  প্ৰক্ৰিয়া।

এই প্ৰক্ৰিয়া সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়াৰ দিনটোৰ বাবে আৰম্ভণি হোৱাৰ পূৰ্বে মূখ্য ন্যায়ধীশ গৰাকীয়ে মন্তব্য কৰে যে, প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ বাবে মুঠ ১০৯১ টা গোচৰ হিন্দীলৈ, ২১ টা ওড়ীয়ালৈ, ১৪ টা মাৰাঠীলৈ, ৪ টা অসমীয়ালৈ, ১টা গাৰোলৈ, ১৭ টা কান্নাড়ালৈ, ১ টা খাচীলৈ, ২৯ টা মালায়লমলৈ, ৩ টা নেপালীলৈ, ৪ টা পাঞ্জাৱীলৈ, ৫২ টা তামিললৈ, ২৮ টা তেলেগুলৈ আৰু ৩ টা উৰ্দুলৈ তৰ্জমা কৰা হৈছে। 

এই শুনানি কেইটা উচ্চতম ন্যায়ালয়ে ৰিপ’ৰ্টেবল জাজমেণ্টৰ পোৰ্টেল অৰ্থাত ই-এচ- চি আৰত উপলব্ধ কৰা হৈছে। যাৰ ফলত ৱেবচাইটো ব্যৱহাৰকাৰী জনে অতি সহজতে শুনানি সম্পৰ্কীয় শব্দ চাৰ্চ কৰি লাভ কৰিব পাৰিব সেই বিশেষ শব্দটোৰ সৈতে জড়িত বিচাৰ সমূহৰ তথ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *