আজি দিল্লী উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কাৰ্যসূচী।আবকাৰী নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কাৰাগাৰত থকা অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল জামিনৰ আবেদন।আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰানা কান্ত শৰ্মাই।উল্লেখ্য যে, ২১ মাৰ্চত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতা অৰবিন্দ কেজৰিয়ালক গ্ৰেপ্তাৰ কৰাৰ পাছত দিল্লীৰ আদালতে বিশদ আৰু স্থায়ী জেৰাৰ বাবে ২৮ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।ইয়াৰ পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে জাৰি কৰা চমনকে ধৰি সকলো কাৰ্যবিধি বাতিল কৰিবলৈ তেওঁ আদালতৰ কাষ চাপিছিল।কিন্তু আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত অভিযোগনামাত একাধিকবাৰ অৰবিন্দ কেজৰিৱালৰ নাম উল্লেখ হোৱাৰ পাছত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক।
আজি আদালতত কেজৰিৱালৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে যুক্তি আগবঢ়ায় যে, এফ আই আৰ পঞ্জীয়নৰ ১৪মাহৰ পাছত ইডিয়ে মুখ্যমন্ত্ৰীক চমন জাৰি কৰিলেও পি এম এল এৰ ৫০ নং ধাৰাত কোনো বক্তব্য লিপিবদ্ধ নকৰাকৈয়ে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।লগতে তেওঁ কয় যে, গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্য আম আদমি পাৰ্টিৰ মৌলিক গাঁথনিত প্ৰত্যক্ষভাৱে আঘাত কৰা । সিংভিয়ে শীঘ্ৰে মুখ্যমন্ত্ৰীৰ মুক্তিৰ বাবে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰিৰ বাবে অনুমতি দিবলে আদালতৰ আগত আহ্বান জনায়।