সাৰ পাইছে যোগান মন্ত্ৰী ৰনজিৎ দাসে : মুল্যবৃদ্ধি ৰোধ কৰিবলৈ বিভাগীয় বিষয়া তথা ব্যৱসায়ীৰ সৈতে বৈঠকত চামিল

Share

গুৱাহাটী, 16 নবেম্বৰ :ৰাজ্যত প্ৰতিদিনে হৈ অহা মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰি তুলাৰ লগতে যঠেষ্ট সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। এই মূল্যবৃদ্ধিৰ সন্দৰ্ভত কামৰূপ মহানগৰৰ উপযুক্ত কাৰ্যলয়ত অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক, যত উপস্থিত থাকে খাদ্য মন্ত্ৰী আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস, লগতে বৈঠকত উপস্থিত থাকে মন্ত্ৰী বিভাগৰ বহুকইজন  শীৰ্ষ পৰ্যায়ৰ মন্ত্ৰী। আনহাতে এই বৈঠকত চামিল থাকে কামৰূপ মহানগৰৰ চেম্বাৰছ্ অৱ কমাৰ্চৰ বিষয়া, পাইকাৰী শাক – পাচলি ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ সংগঠনৰ বিষয়াসকল। ৰাজ্যত মূল্যবৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সমান্তৰালকৈ নিয়ন্ত্ৰণৰ বাহিৰত গতি কৰিছে।

এনে পৰিস্হিতিত খাদ্য আৰু অসামৰিক যোগান বিষয়াৰ উচ্চপদস্হ বিষয়া আৰু জিলা উপায়ুক্তৰ সৈতে মন্ত্ৰী ৰনজিৎ দাস বৈঠকত মিলিত হৈ তেওঁ কয় যে- মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ সমাধান সূত্ৰ বিচৰা হব আৰু লগতে তেওঁ কয় যে বৰ্তমান ৰাজ্যত কিমান খাদ্য সামগ্ৰী মজুদ আছে সেই বিষয়েও আলোচনা কৰা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *