চাঞ্চল্যকৰ ! ধাৰাবাহিক আত্মহত্যাৰ ঘটনাৰ যেন এতিয়াও পৰা নাই অন্ত ।প্ৰতিদিনে যেন সংঘটিত হ’বলৈ লৈছে এটাৰ পাছত আনটোকৈ আত্মহত্যাৰ ঘটনা ।আত্মহত্যাৰ প্ৰৱণতা যেন ক্ৰমাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । এইবাৰ গোৰেশ্বৰৰ নাওকাটাত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’লে এজন কিশোৰে । আছু কৰ্মীৰ নিৰ্যাতনৰ বলি হৈ কিশোৰগৰাকীয়ে কৰা এনে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ হোৱাৰ লগতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ।পিছে প্ৰকৃততে ঘটনাটো হৈছিল কি ? যাৰ বাবে কিশোৰ গৰাকীয়ে এনে আত্নহননৰ দৰে পথ বাছি ল’বলৈ বাধ্য হ’ল! ঘটনাটো ১০ জুলাইৰ দিনা ।
দিনৰ প্ৰায় ১০ মান বজাত সুৱাগপুৰ পূৱ ডেফেলী আছু কাৰ্যালয়ত ৩১ মাৰ্চতে এখন দোকানৰ পৰা শিখৰ আৰু গুটখাৰ পেকেট চুৰি হোৱা ঘটনা সংক্ৰান্তত পতা হৈছিল এখন বিচাৰ । বিচাৰত স্থানিক বণিক সন্থাৰ সদস্যসহ চুৰিকাৰ্য্যত জড়িত হোৱা বুলি সন্দেহ কৰিছিল এজন কিশোৰ আৰু এজন যুৱক ।পিছে এই বিচাৰখনত নিজৰ পিতৃৰ সন্মুখতে কিশোৰজনক নিৰ্যাতন চলোৱাৰ লগতে নগদ পাঁচ হেজাৰ টকাও দাবী কৰা হৈছিল ।কিন্তু অতি দুখলগা বিষয় যে , এই বিচাৰখনৰ পাছতে সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত ঘৰলৈ আহি নিজৰ মাকৰ চাদৰেৰে চিপ লৈ আত্মহত্যা কৰে এই কিশোৰজনে ।এই আত্মহত্যাৰ ঘটনাটোৱে পৰিয়ালৰ মাজত গভীৰ শোকৰ ছাঁ বিৰাজ কৰাৰ লগতে নাওকাটাত তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।তদুপৰি সুৱাগপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে ঘটনাৰ লগত জড়িত আছুকৰ্মীসহ তিনিজন লোকক । আনফালে , কেইবাগৰাকী অভিযুক্ত আছু কৰ্মী বৰ্তমান পলাতক অৱস্থাত যদিও অতি শীঘ্ৰেই তেওঁলোককো কৰায়ত্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে তামুলপুৰ জিলা প্ৰশাসনে ।