অসমত ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ভূয়সী প্ৰশংসা কৰিছে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক। দিল্লীত অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক, তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি আৰু বিৰোধী দলপতিসকল উপস্থিত থকা বৈঠকখনত নিখিল ভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক প্ৰশংসা কৰিছে। এই বৈঠকত মল্লিকাৰ্জুন খৰ্গেয়ে কয় যে, ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলাই থকা ‘ভাৰত জোড়ো যাত্ৰা’ৰ যাত্ৰাপথটোৰ বাহিৰে দেশৰ ভিতৰত কেৱল অসমেই একমাত্ৰ ৰাজ্য, যি ৪৫দিন ধৰি পদযাত্ৰা কৰি ৮৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে। তেওঁ অসমৰ নেতৃত্বই জনসাধাৰণৰ মাজত শান্তি, ধৰ্ম নিৰপেক্ষতাৰ বাণী বিলাই নিবনুৱা সমস্যাৰ দৰে জটিল সমস্যাসমূহক ৰাইজৰ কাষলৈ লৈ যোৱাত সক্ষম হৈছে বুলিও মন্তব্য কৰিছে। এই বৈঠকখনতে অসমৰ ৪৫ দিনীয়া ‘ভাৰত জোড়ো যাত্ৰা’ক সামৰি প্ৰস্তুত কৰা এক ভিডিঅ’ প্ৰদৰ্শনো কৰা হয়।