সদনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল

Share
সন্মুখত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণৰ সকলো দাবী পূৰণ কৰাৰ বাবে যেন উঠি পৰি লাগিছে শাসনাধিষ্ঠিত চৰকাৰখন। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিনীয়া প্ৰতিবাদে কঁপাই তুলিছিল অসম।অৱশেষত বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা জনজাতিকৰণক লৈ জনজাতি পৰিক্ৰমা(ভৈয়াম) বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে সদনত ৰিপোৰ্ট অফ দি কমিটি অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এগজামিন এণ্ড চাজেষ্ট অন দি ডিফাৰেন্ট এছপেক্টছ অফ ৰিজাৰভেশ্যন অফ ছিক্স কমিউনিটিজ ইন দি ষ্টেট নামেৰে ৩ জনীয়া মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰে।
মন্ত্ৰীগোটৰ প্ৰতিবেদন অনুসৰি অসমৰ জনগোষ্ঠীসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে। পূৰ্বৰে পৰা অসমত এছ.টি(ভৈয়াম), এছ.টি(পাহাৰ) হিচাপে দুটা ভাগ আছে। মন্ত্ৰীগোটৰ প্ৰতিবেদনত নতুনকৈ এছ.টি(ভেলী অৰ্থাৎ উপত্যকা) হিচাপে সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰতিবেদন অনুসৰি মৰাণ আৰু মটকক এছ.টি(ভৈয়াম বা plains), অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশী সকলকো এছ.টি(ভৈয়াম বা plains) ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আনহাতে আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠী আৰু আদিবাসী  লোকসকলক এছ.টি(ভেলী) ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।
প্ৰতিবেদন অনুসৰি বিধানসভাত এছ.টিৰ বাবে সংৰক্ষিত আসনত নতুন এছ.টি সোমাব নোৱাৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষিত আসনত নতুন এছ.টিয়ে সুবিধা নাপাব। প্ৰতিবেদন দাখিলৰ পিছতে দীৰ্ঘদিনীয়া প্ৰতিবাদেৰে জৰ্জৰিত অসমৰ ৬ জনগোষ্ঠীৰ লোকসকলৰ মনত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ প্ৰতিবেদনৰ বিৰোধীতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে বৰ্তমান অসমৰ জনজাতীয় লোকসকলে লাভ কৰি থকা বিশেষ অধিকাৰৰ কোনো ক্ষতি নোহোৱাকৈ অসমৰ ৬ জনগোষ্ঠীয়ে বিচৰা জনজাতিকৰণৰ মৰ্য্যদাৰ দাবীৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে পূৰ্বৰ পৰা সমৰ্থন জনাই আহিছে। এই সন্দৰ্ভত কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে আনুষ্ঠানিক প্ৰস্তাৱো গ্ৰহণ কৰে। প্ৰতিবেদন দাখিলৰ পিছতে পূৰ্বৰ জনজাতি সমূহৰ মাজত তীব্ৰ উত্তেজনা দেখা পোৱা গৈছে। অসমৰ বিভিন্ন স্থানত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গল। বি.টি.ছিতো প্ৰতিবাদে ভয়ানক ৰূপ লোৱা পৰিলক্ষিত হৈছে। একাংশৰ মতে ই এটা দীঘলীয়া প্ৰক্ৰিয়া, এই বিষয় পূৰ্ণাংগ ৰূপ পাবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হব। গতিকে পৰৱৰ্তী সময়ত পৰিলক্ষিত হব এই প্ৰস্তাৱ কিমানদূৰ কাৰ্যকৰী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *