গুৱাহাটী,১৫ ছেপ্টেম্বৰ:মঙলদৈ সদৰ থানাৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক কৰা হ’ল নিলম্বন। উপ-পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি আৰু সহকৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । পূৰ্বতেও বিতৰ্কৰ মাজত সাঙোৰ খাইছিল উপ-পৰিদৰ্শক গৰাকীৰ নাম ।
মঙলদৈৰ পূৰ্বে তেওঁ ধূলা থানাত কৰ্মৰত হৈ আছিল য’ত উত্থাপন হৈছিল জনসাধাৰণৰ লগতে সহকৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ । এই অভিযোগৰ ভিত্তিতেই কৰবী শইকীয়াক মঙলদৈলৈ বদলি ক’ৰা হৈছিল । কিন্তু তাতো কৰবী শইকীয়াই নিজৰ কৰ্মৰত সহকৰ্মীক বেয়া ব্যৱহাৰ কৰিছিল । অৱশেষত বহু অভিযোগৰ পিছত নিলম্বন কৰা হ’ল উপ-পৰিদৰ্শক কৰবী শইকীয়াক ।