ছাত্ৰ-ছাত্ৰীয়ে লগত নিব নোৱাৰিব কোনো নিষিদ্ব সামগ্ৰী

Share

২৩ ছেপ্টম্বৰত ছিপাঝাৰৰ দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ ঘটনা মাৰ নাযাওঁতেই যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰক চোকা  অস্ত্ৰৰে আক্ৰমণ কৰে একাংশ সহপাঠীয়ে । তাৰ পাছত কঠোৰ হৈছে শিক্ষা বিভাগ। সাৱধান হব লাগিব ছাত্ৰ-ছাত্ৰী। আজিৰ পৰা কামৰূপ মহানগৰৰ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধানলৈ শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি। স্কুল পৰিদৰ্শকৰ অনুমতিত চলিব তালাচী। শ্ৰেণীকোঠাত পাঠদান আৰম্ভৰ পূৰ্বে তালাচী কৰা হৈছে বেগ আৰু পকেট। ছাত্ৰ-ছাত্ৰীয়ে লগত যাতে কোনোধৰনৰ অস্ত্ৰ-শস্ত্ৰ, চোকা বস্তু, গুটকা, চিগাৰেট, ধঁপাতৰ দৰে বিষাক্ত সামগ্ৰী আৰু আন কোনো আপত্তিজনক সামগ্ৰী লৈ যাব নোৱাৰে শ্ৰেণীকোঠালৈ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। নিষিদ্ব সামগ্ৰী উদ্ধাৰ হলে লগে লগে জব্দ কৰাৰ লগতে অৱগত কৰিব লাগিব অভিৱাকক আৰু তথ্যসহ সঠিক প্ৰতিলিপি প্ৰেৰন কৰিব লাগিব স্কুল পৰিদৰ্শকক।

Leave a Reply

Your email address will not be published. Required fields are marked *