সুপ্ৰিয়া তৰফদাৰ, ২২ অক্টোবৰঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই বৃহস্পতিবাৰে মৌলবাদীৰ বিৰুদ্ধে স্পষ্ট সকীয়নি দিয়ে । অসমত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ কট্টৰ মৌলবাদীয়ে চলাই থকা ষড়যন্ৰ কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি অসম আৰক্ষীয়ে কয়। আৰক্ষী সঞ্চালক প্ৰধানজনে অসম আৰক্ষীৰ ‘স্মৃতি দিৱস’ অনুষ্ঠানত অংশ লৈ ধৰ্মীয় মৌলবাদীৰ বিৰুদ্ধে কয় যে মৌলবাদীক প্ৰশ্ৰয় দিয়া লোকসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে আই এছ আই , আল কায়দাৰ কূটাঘাত সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয় –‘’এনে ধৰণৰ ভাবুকি সময়ে সময়ে আহি থাকে ,তাৰ বাবে অসম আৰক্ষী সাজু । কিন্ত মূল সমস্যাটো হৈছে সমাজত ধৰ্মৰ নামত অস্থিৰতা আনিব খোজা লোকসকলক লৈ ।সকলো এই দিশত সজাগ হ’ব লাগিব ।’’
উল্লেখ্য যে কালি সমগ্ৰ দেশৰ লগতে বিগত বৰ্ষত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া দেশৰ ৰাজ্যসমূহৰ আৰক্ষী ,কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ শ্বহীদসকলৰ পৱিত্ৰ সোৱঁৰণত অসম আৰক্ষীৰ উদ্যোগতো ‘স্মৃতি দিৱস’ পালন কৰা হয়।