এক নিঃস্তদ্ধতা বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।কিয়নো চিৰনিদ্যাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা চৈয়দ আব্দুলা।শোকত মৰ্মাহত ৰাজ্যবাসী।এজনৰ পাছত আন এজন প্ৰিয় শিল্পীক হেৰুৱাই শোকত ম্ৰিয়মান প্ৰতিজন অনুৰাগী।
‘’এয়া আকাশবাণী ডিব্ৰুগড়” বুলি কোৱা সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ’ল।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাণৰ যশস্বী সুৰকাৰ,কবি,অভিনেতা,ঘোষক,নাট্যকাৰ আৰু গীটাৰীষ্ট চৈয়দ ছাদুল্লায়ে।
চৈয়দ ছাদ্দুলা আছিল অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আৰু দূৰদৰ্শন,নেচনেল জিঅ’গ্ৰাফিক আৰু ডিস্কভাৰী চেনেলৰ ১০০ৰো অধিক তথ্যচিত্ৰৰ ঘোষক।তেঁও অল ইণ্ডিয়া ৰেডিঅ’ৰ এ গ্ৰেড গীতিকাৰ,প্ৰখ্যাত সংগীত ব্যৱস্থাপক,গীতাৰিষ্ট আৰু নাট্যকাৰ।ছাদ্দুলাই ঊষা মংগেশকাৰ,ড০ ভূপেন হাজৰিকা,অনুপ জালোতা,পাৰবীন চুলতানা আদি বিখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে গীটাৰ বজাইছে।
গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে চৈয়দ ছাদ্দুলাৰ মৃতদেহ অনাৰ সময়ত নগাঁওকে ধৰি বিভিন্ন ঠাইত অগণন গুণমুগ্ধই প্ৰাণৰ শিল্পীজনক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।ডিব্ৰুগড়ৰ বাসগৃহত নশ্বৰদেহ আহি পেৱাৰ পাছত অগণন গুণমুগ্ধৰ উপস্থিতিত শুক্ৰবাৰে নালীয়াপুলৰ কবৰস্থানত জানাজা সম্পন্ন হয়।সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পূৰ্ণ কৰা হয় প্ৰাণৰ শিল্পীজনৰ।
তেখেতৰ দুই কন্যায়ে সংবাদ মাধ্যমত পিতৃৰ স্মৃতি সোঁৱৰাই কয় যে,’’জুবিনদাৰ মৃত্যুত তেঁও ভাগি পৰিছিল,জুবিনদাক লৈ গীত এটি লিখাৰ খুব হেঁপাহ আছিল তেঁওৰ,দুটা শাৰী লিখিছিল,কিন্তু শেষ কৰিব নোৱাৰিলে।অসমখনক বৰ ভাল পাইছিল তেঁও,এৰি যাব বিচৰা নাছিল।’’