আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰোধিতাৰে আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা প্ৰতিবদী কাৰ্যসূচী গ্ৰহন কৰিব প্ৰদেশ কংগ্ৰেছে। APCC ৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হব প্ৰতিবাদী কাৰ্যসূচী। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কংগ্ৰেছে উলিয়াব প্ৰতিবাদী সমদল।
ইপিনে কংগ্ৰেছৰ এই প্ৰতিবাদ ৰুধিবলৈ সষ্টম হৈছে আৰক্ষী প্ৰশাসন। আৰক্ষীৰ পূব জিলাত SSB আৰু CRPF জোৱান নিয়োগ কৰা হৈছে।সাজু কৰি ৰখা হৈছে বজ্ৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো লগতে সাজু কৰি ৰখা হৈছে কন্দুৱা গেছৰ কাৰ্টিজো।
উল্লেখ্য যে বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদ কৰিবলে আহি প্ৰাণ হেৰুৱাইছিল মৃদুল ইছলাম নামৰ এজন লোকে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতিত আঘাতপ্ৰাপ্ত হৈ GMCH ত মৃত্যুক সাবটি লৈছিল মৃদুল ইছলামে। মৃদুল ইছলাম আছিল কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা।