গৰুখুটি ঘটনাক লৈ মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

Share

নিউজ ডেক্স, ২৪ ছেপ্তেম্বৰঃ যোৱাকালি ছিপাঝাৰ সমষ্টিৰ গৰুখুটিৰ ভয়ংকৰ পৰিস্থিতিৰ ফলত দুজন বেদখলকাৰীৰ লোক থিতাতে নিহত হয়। এই ঘটনাক কেন্দ্ৰ কৰি আজি মঙলদৈত এক প্ৰতিবাদী কাৰ্য্যসুচী ৰুপায়ন কৰে প্ৰদেশ কংগ্ৰেছে। প্ৰতিবাদী কাৰ্য্যসুচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ আব্দুল খালেক, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, স্থানীয় বিধায়ক বসন্ত দাস আৰু দৰং জিলা কংগ্ৰেছ কমিটিৰ বিভিন্ন বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

প্ৰতিবাদকাৰীৰ এই বৃহত দলটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে দৰং জিলা উপায়ুক্তৰ কাৰ্যলয়ত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰা ৰাজ্যত চৌদিশে কেৱল মৃত্যুৰ কিৰীলিহে বাঢ়িছে। উন্নয়নৰ নামত ভেকো ভাওনাহে চলাই আছে। লগতে কয় যে গৰু খুটীৰ এই লোক সকলক কোনো সংস্থাপন নিদিয়াকৈ চৰকাৰে উচ্ছেদ কৰাটো চড়ম অন্যায়। সাম্প্ৰদায়িকতা মনোভাৱ এৰি জনতাৰ হকে কাম কৰাৰ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *