অহা ৭ মে’ত অনুস্থিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীয়ে। এই পৰ্যায়ত ২৯৬৩ গৰাকী প্ৰাৰ্থীয়ে ১৫ টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। আৰু অসমত এই পৰ্যায়ত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত হৈ পৰিছে।তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বৰপেটা আৰু বজালীত উপস্থিত হৈ আজি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে। বিষয়াগৰাকীয়ে বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গ, নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তৰ সৈতে নিৰাপত্তাৰ লগতে আন আন কিছু বিষয় সন্দৰ্ভত আলোচনা কৰে। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী নিৰ্বাচনী জিলাত উপস্থিত হৈ বিষয়াগৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ভট্তদেৱ বিশ্ববিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰূম পৰিদৰ্শন কৰে। লগতে বৰপেটা নিৰ্বাচনী জিলাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰূমটোও পৰিদৰ্শন কৰে।