পঞ্চায়ত নিৰ্বাচন, পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু দুখন আসনৰ বাবে অনুষ্ঠিত হ’বলগা ৰাজ্যসভা নিৰ্বাচনৰ বাবে সাজু ৰাজ্যিক বিজেপি দল। ১২ আগষ্টত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অথিতিশালাত তিনিওটা নিৰ্বাচনক লৈ অসমৰ বিজেপি দলে চৈধ্যজনীয়া ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকতে অহা ৩ ছেপ্তেম্বৰত ৰাজ্যৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে শাসকীয় দল বিজেপিয়ে। তথ্য অনুসৰি ইতিমধ্যে অসমৰ দুখন আসনৰ বাবে বিজেপিৰ দহজন নেতাই আৱেদন দাখিল কৰিছে। ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়, প্ৰাক্তন বিধায়ক মিছনৰঞ্জন দাস, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, ৰূপম গোস্বামী, ড০ প্ৰদীপ ঠাকুৰীয়া, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী বড়ো, মানস ডেকা আদিকে ধৰি নেতাই আৱেদন দাখিল কৰিছে।