প্ৰধানমন্ত্ৰী মোডীলৈ শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান

Share

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীলৈ শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা।প্ৰায় তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোডী।শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথ,স্বাস্থ্য মন্ত্ৰী নন্দিতা জয়তিছা আৰু মীন মন্ত্ৰী ৰামলিংগম চন্দ্ৰশেখৰকে ধৰি পাঁচগৰাকী শীৰ্ষ মন্ত্ৰীয়ে বিমানমন্দৰত উপস্থিত হৈ তেওঁক বিশেষ আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোডীক ৰাজ্যিক সন্মানেৰে আদৰণি জনোৱা হয়।এয়াই আছিল তেওঁৰ চতুৰ্থবাৰ শ্ৰীলংকা ভ্ৰমণ।ভাৰত আৰু শ্ৰীলংকাৰ মাজত গভীৰ সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে মিত্ৰ বিভূষণ বঁটা প্ৰদান কৰে।শ্ৰীলংকাই প্ৰদান কৰা মিত্ৰ বিভূষণ বঁটা হৈছে কোনো বিদেশী ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান।বিমষ্টেক সন্মিলনৰ বাবে বেংকক ভ্ৰমণ সামৰি ৩ দিনৰ বাবে শ্ৰীলংকাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কয়,ভাৰতৰ দৃষ্টিভংগী হৈছে সবকা সাথ,সবকা বিকাশ।আমি বন্ধুত্বপূৰ্ণ দেশসমূহক অগ্ৰাধিকাৰ দিওঁ।শ্ৰীলংকা কেৱল আমাৰ চুবুৰীয়া দেশে নহয়,ভাল বন্ধুও।শ্ৰীলংকাৰ কঠিন সময়ত আমি দৃঢ়তাৰে থিয় দিছিলো।আজি ৰাষ্ট্ৰপতি দিশনায়কৰ হাতেৰে শ্ৰীলংকা মিত্ৰ বিভূষণ বঁটা লাভ কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়।এই সন্মান কেৱল মোৰ নহয়,১৪০ কোটি ভাৰতীয়ৰ সন্মান।ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি সন্মান।ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা সুদৃঢ় সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ কয় যে, ২০১৯ চনৰ সন্ত্ৰাসবাদী আক্ৰমনেই হওক,ক’ভিড মহামাৰীয়ে হওক বা শেহতীয়া অৰ্থনৈতিক সংকটেই হওক, প্ৰতিটো কঠিন পৰিস্থিতিত আমি শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে থিয় দিছো। 

Leave a Reply

Your email address will not be published. Required fields are marked *