গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

Share

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।মহানগৰৰ প্ৰতিটো এপাৰ্টমেন্ট বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব।বৰষুণৰ পানী সংগ্ৰহ আৰু ভূ-গৰ্ভস্থ পানী পুনঃভৰ্তিকৰণৰ ব্যৱস্থা থকাটো বাধ্যতামূলক।সকলো ধৰণৰ অট্টালিকা,আৱাসিক অঞ্চল,ব্যৱসায়িক,শিক্ষা,উদ্যাগ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নিয়ম।আৱাসিক এলেকাৰ ২০ শতাংশ ভূমিত বৃক্ষৰোপন কৰিব লাগিব।এপাৰ্টমেন্ট থাকিব লাগিব ভূ-জল গৱেষণাৰ ব্যৱস্থা।এই নিয়ম কাৰ্যক্ষম নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।অহা ২০ জুনৰ পৰা এই নিয়ম সঠিকভাৱে পালিত হৈছে নে নাই তাৰ ওপৰত চকু ৰাখিব গুৱাহাটী পৌৰ নিগমে।প্ৰথম পৰ্যায়ত অট্টালিকা নিৰ্মাতাসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য কৰা হ’ব।নিয়ম উলংঘা কৰিলে DDMA আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।গুৱাহাটী বিল্ডিং বাই-লজ ২০১৪ আৰু অসম ইউনিফাইড গৃহনিৰ্মাণ বাই-লজ ২০২২ অনুসৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে।

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লিখিছে যে-আজি গুৱাহাটী পৌৰ নিগমে বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভস্থ পানী পুনঃভৰ্তিকৰণ আৰু সেউজ সংৰক্ষণৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।

এতিয়াৰে পৰা গুৱাহাটী বিল্ডিং বাই-ল’জ, ২০১৪ আৰু অসম ইউনিফাইড গৃহনিৰ্মাণ বাই-ল’জ, ২০২২ অনুসৰি —

সকলো ধৰণৰ বিল্ডিঙত (আৱাসিক, ব্যৱসায়িক, শিক্ষা, উদ্যোগ আদিৰ ক্ষেত্ৰত) –

বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনঃভৰ্তিকৰণৰ ব্যৱস্থা থকাটো বাধ্যতামূলক হ’ব।

লগতে কমেও ২০% ভূমি বৃক্ষৰোপণ আৰু সেউজ এলেকাৰ বাবে সংৰক্ষিত ৰখা হ’ব।

এই সিদ্ধান্তই গুৱাহাটী মহানগৰত —

বৰষুণৰ পানী সংৰক্ষণ

সেউজ এলেকাৰ বিস্তাৰ

কৃত্ৰিম বানপানী ৰোধ

জল সংকটৰ সমাধানৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু দিক-নিৰ্ণায়ক পদক্ষেপ হিচাপে বিবেচিত হ’ব।

প্ৰতিগৰাকী বিল্ডিং নিৰ্মাতা, ছচাইটি আৰু মাটিৰ মালিকে এই নিয়ম মানি চলাটো এতিয়া বাধ্যতামূলক হ’ব।

২০ জুন, ২০২৫ৰ পৰা GMC-এ এই নিয়ম সঠিকভাৱে পালিত হৈছে নে নাই, তাৰ নিৰীক্ষা আৰম্ভ কৰিব। প্ৰথম পৰ্যায়ত বিল্ডিং নিৰ্মাতাসকলৰ ক্ষেত্ৰত এই পৰীক্ষা চলিব আৰু নিয়ম উলংঘা হ’লে DDMA আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *